সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সূতিকা পটল।


লোমজ কোমল বস্ত্ৰ হাত দুই মানে।
দ্বিহস্ত সুতাৰ জৰি লোৱা সাৱধানে॥

⸻⸻

জনমি

নাকান্দিলে কি কৰ্ত্তব্য।

বিনোদিনী বোলে মনে ই কথা ৰহিল।
পূৰ্ব্ব উপায়তো যদি শিশু নকান্দিল॥
তেন্তে কি কৰিব লাগে দিয়াহা শিকাই।
কোনেও নজানে কিছু হোৱে নিৰুপায়॥
লক্ষ্মী বোলে কওঁ যিবা আছয় উপায়।
বালকক লব “চিতে’’ কোলাত শুৱাই॥
দুই হাতে দুই পাৰ্শ্বে ধৰি তদন্তৰে।
মুখে মুখ দিয়াফুক দিবেক ভিতৰে॥
তাতে শিশু উদৰত বায়ু পূৰ্ণ হব।
সেই কাৰণত শিশু নিশ্বাসক লব॥
বাৰ তিনি চাৰি এইৰূপ আচৰণে।
নকান্দিলে আশা এৰিবেক তাৰ মনে॥
কিন্তু এই শেষ যত্ন আগে নকৰিব।
আগে যি কহিছোঁ আগে কৰিয়া দেখিব॥
নকান্দিল শিশু আৰু নিশ্বাস নলৈল।
আক পূৰ্ব্ব বৰ্ণ গুছি নীল বৰ্ণ ভৈল॥
তেন্তে নাভি মূলে তিনি আঙ্গুল উপৰি।
ছেদিবেক নাড়ী তাক বন্ধন নকৰি॥