পৃষ্ঠা:সূতিকা পটল.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সূতিকা পটল।


আগে হাত বাহিৰাতো নহে নিৰুপাই।
দিব সেই হাত যত্নে গৰ্ভে প্ৰবেশাই॥
গৰ্ভৰ ভিতৰে তাৰ দুই পায়ে ধৰি।
ঘুৰাই আনিব অধঃ অনুক্ৰম কৰি॥
ই বিষয় বিস্তাৰিত কহিবোঁ পশ্চাৎ।
সবিস্তাৰে বুঝাইবোঁ বুঝিবাহা তাত॥

⸻⸻⸻

শিৰ পদ হস্ত কি আগে বাহিৰ হব

জানিবৰ উপায়।

বিনোদিনী বিনয়ে শুধিলা লক্ষ্মীপ্ৰতি।
আৰু এক কথা মোত কহা গুণৱতী॥
হাত পদ মস্তক কি বাহিৰিব আগে।
কিৰূপে জানাহা তাক কহিবাক লাগে॥
থাকে শিশু মাতৃৰ উদৰ অন্ধকূপে৷
উপৰত দিয়া হাত কৰাহা কিৰূপে॥
লক্ষ্মী বোলে অতি অল্প বুঝিবা ইহাক।
তুমি মোৰ প্ৰিয় ময় বোলোঁহোঁ তোমাক॥
প্ৰসৱৰ পূৰ্ব্বে শিশু গৰ্ভৰ ভিতৰে।
ঈশ্বৰ ইচ্ছায় প্ৰসৱৰ হেতু লড়ে॥
বাম কুক্ষি ভাৰ ডাহিনৰ কুক্ষি লড়ে।
মস্তক বাহিৰি শিশু পৃথিবীত পড়ে॥
বাম কুক্ষি লড়ে ডাহিনৰ কুক্ষি ভাৰ।
পাও বাহিৰিয়া শিশু জন্মে সাৰে সাৰ॥