পৃষ্ঠা:সূতিকা পটল.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুতিকা পটল।

স্ত্ৰীগণে বুঝিব হেন তাৰ অভিলাষ।
বুঝিলে হোৱয় তাৰ মনত উল্লাস।৷
মোৰ ভ্ৰাতৃ পুত্ৰ চিদা স্নেহৰ ভাজন।
এতেকতে পদ্য ৰচনাত দিলোঁ মন॥
বালকৰ অনুৰোধে পিতৃ মাতৃ গণে।
যতন কৰয় যেন অসাধ্য সাধনে॥
মোত সেই অৰ্থ জানি বুদ্ধিমতীগণ।
পদ্য দোষ ত্যজি ত্যজা নিন্দিত বচন॥
তোমাসাক সন্তোষিবোঁ মোৰ অভিপ্ৰায়।
নিন্দি তুষ্ট হৈলে মোৰ সুসিদ্ধি ত্বৰায়॥
ইকথা থাকোক কহোঁ মূল বিৱৰণ।
যুক্তি যুক্ত কথা শ্ৰবণত দিয়া মন॥

কথাৰম্ভ।

বিনোদিনী ৰূপসীৰ কনিষ্ঠা ভগিনী।
ৰূপে ত্ৰিভুবন মোহে নামত মোহিনী॥
মোহিনীক বিনোদিনী জানি গৰ্ভৱতী।
লক্ষ্মীৰ নিকট উপদেশ লৈল সতী॥
লক্ষ্মী বোলে সুশীলা মোহিনী মোক মানে।
মোৰ উপদেশ কহি ৰাখা সাৱধানে।৷
বিনোদিনী বোলে সাৱধান কি বিষয়।
সবিশেষ কই মোৰ খণ্ডোৱা সংশয়॥