পৃষ্ঠা:সূতিকা পটল.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সূতিকা পটল।

 শীঘ্ৰে গা মুচিব, মুখসোৱা গৰম দুধ এক পোৱা খাব, ডাঠ কাপৰ উৰি শুই থাকিব। ঋতু সময়ত ৰক্ত অধিক ভাঙিব। বেদনা যাব সন্তানাে ক্রমে হব।

 সেই সময় শৌচ বন্ধ থাকিলে জুলাপ কৰাব সেই কেই দিন অশুচিৰ স্নান পর্যন্ত তপত পানী ব্যবহাৰ কৰিব—গাধুব তপত পানীত। খাব তপত পানীক।

 ঋতু স্নান হৈগলে ১ ৰতি হিড়াকশ ২ ৰতি মুসম্বৰ এটী এটী বড়ী কৰি পুৱা গোধুলা খাব, পুনঃ ঋতু নহব মানে। ঋতু অবস্থাত এই বড়ী খুৱাৱৰ বিশেষৰূপে নিষেধ এইটী ভালকৈ মনত ৰাখিবা।

⸻⸻

স্বভাৱতঃ গাৰসত যোৱা

(ৰক্তভাঙা )।

 এক ৰতি হিড়াকশৰ গুড়া, এক ৰতি শুঁঠৰ গুড়া , এই দুইকো জিয়াৰ * আঠা ৪ ৰতি দি ঢিলাবড়ী কৰি পুৱা গোধুলা গলত ফেলাই কেঁচা পানী দি গিলি খাব। ২১ দিন খাব ৪২ দিন খালেও ভাল দুর্ব্বলতা গুছে পথ্য দুগ্ধাদি ভাল হব লাগে ।

 ঋতুৰ সময় অধিক ৰক্ত ভাঙিলে।—গাঁজাৰ আৰক ( গাঁজা সিদ্ধ কৰি আঠাধৰা ক্কাথ )—৬৷ ৭ টোপা আফিমৰ আৰক ৮। ৯ টোপা ৰাইৰ গুঁড়া ৩ ৰতি ১॥ তোলা শীতল পানীত মিহলাই খুৱাব। এক বেলিত বন্ধ নহলে দিনত ১ বেলি ৰাতি ১ বেলি খুৱাব বন্ধ হব। শীতল পানীত গাধুব, সুসিদ্ধ পথ্য আহাৰ কৰিব৷

 সেই ৰােগ গলে ১ ৰতি হিড়াকশ ২ ৰতি মুসম্বৰৰ এটী এটী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • জিয়া—ইয়াক কোনো কোনো ঠাইত কহিমালাও বোলে।