পৃষ্ঠা:সূতিকা পটল.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
সূতিকা পটল।

অজীর্ণ নাশন।

বহুবিধ দ্রাবকৰ তিনি বিধ সাৰ।
গন্ধক দ্ৰাবক আৰু দ্ৰাবক য’খাৰ॥
লবণ দ্রাবক আৰু এই সমে তিনি।
কৰিবে নােৱাৰি আনিবাক লাগে কিনি॥
গন্ধকৰ পৰা জানা যি দ্রাবক হয়।
তাক সর্ব্ব লােকে মহা দ্রাবক বােলয়॥
দ্রব কৰি কৰে দেখি দ্রাবক বােলয়।
যাকে তাত ফেলাৱয় সেই দ্ৰব হয়॥
কোনো এক দ্রাবকত সোনা নগলয়।
অন্য অন্য ধাতু মাত্রে গলিয়া পড়য়॥
লবণ দ্রাবক আৰু দ্রাবক য’খাৰ।
লগাইবা লগ সমভাগে আৰ তাৰ॥
তাত সুবৰ্ণৰ পত্ৰ দিবাহা ফেলাই।
পানী হই পড়িবেক অন্য কথা নাই॥
লবণ দ্ৰবক আৰু য’খাৰ দ্ৰাবক।
জীর্ণ কৰিবাৰ পক্ষে সাক্ষাৎ পাবক॥
অগ্নি যিবা ৰূপে সর্ব্ব দ্রব্য ভস্ম কৰে।
সেইৰূপে দ্রাবকেও অজীর্ণক হৰে॥
ই দুই দ্ৰাবক মাঝে প্রাপ্ত যিবা হয়।
খুৱাইব বালকক নকৰি সংশয়॥
এক টোপা লবণৰ দ্ৰাবকক লব।
সাত টোপা পানী সমে মিশলাই থব॥