পৃষ্ঠা:সূতিকা পটল.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাঁত উঠিবৰ সময়।

দাঁত ফুটিবাৰ সময়ত বালকৰ।
বাৰে বাৰে শৌচ হয় অসুখ পেটৰ॥
শৌচ হয় দিনে যদি আঠ দশবাৰ।
একোভয় নাই আৰু মঙ্গলেসে তাৰ॥
শৌচ বন্ধ কৰিলে হোৱয় অন্য ৰােগ ।
অচৈতন্য হই পৰে কৰে কষ্টভােগ॥
সি সময়ে শৌচ বন্ধ কৰা নোহে ভাল।
বন্ধ নকৰিয়া দেখিবেক কিছু কাল॥
মলে অল্প জলভাগ যেবে বৃদ্ধি ভৈল।
কিংবা জলবত শৌচ চলিবাক লৈল॥
সি কালত বন্ধ নকৰিলে হয় ভয়।
ঔষধ খুৱাই বন্ধ কৰিবে লাগয়॥
পাঁচ তােলা বৃষ্টি জল বােতলত ভৰা।
তাতে আদৰতি কাষ্টিকক যােগ কৰা॥
একাদশ টোপা বৃষ্টিজল ভিন্ন কৰি।
যবক্ষাৰ দ্রাবক দিবাহা তদুপৰি॥
একটোপা ভিন্ন নিদিবাহা বহু ভাগ।
ইতো ঔষধৰ জানা ভয়ঙ্কৰ ৰাগ*॥
তাৰে দশ টোপা কাষ্টিকৰ জলে দিয়া।
উভয় জলক ৰাখা একত্ৰ কৰিয়া॥

  • ৰাগ— অর্থাৎ তেজ। এই ঔষধটি বৰ চোকা।