পৃষ্ঠা:সূতিকা পটল.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
সূতিকা পটল।

মাতৃ দুগ্ধে উদৰ পূৰিত থাকে যাৰ।
দুগ্ধ সাগু লথৰি অহিত কৰে তাৰ॥
ভোজনৰ উপৰে ভোজন বিষসম।
নিজে বুঝি আছা কিবা বিশেষিয়া কম॥

⸻⸻

কান্দেকিয়?

যিবা বালকৰ হয় মাতৃ দুগ্ধ হীন।
জলহীন গাভী দুগ্ধ দিলে কিছু দিন॥
উদৰৰ পীড়া উপজয় হয় ক্ষীণ।
ক্ষীণতা বাড়য় বালকৰ দিন দিন॥
দুগ্ধসমে ছেকুৰা ছেকুৰি শৌচ কৰে।
পেট কামড়ায় কান্দি উঠিবাক ধৰে॥
সি সময়ে শিশুৰ আৰোগ্য নকৰিলে।
বহুভাগ মৰে কেও জীৱ পাৰে জী’লে॥
যদি দেখিলাহা হৈল সিতো বিষঙ্গতি।
গাভী দুগ্ধ খুৱাবাক এড়িবা সংপ্ৰতি॥
অন্য প্ৰসূতিৰ দুগ্ধ কৰাইবা পান।
উভয় শিশুৰ লাগে বয়স সমান॥
নুন্যাধিক বয়সৰ শিশু যদি হয়।
ঘন তৰলৰ পক্ষে দুগ্ধ সমনয়॥
বয়োধিক বালকৰ জননীৰ স্তন।
স্বভাৱতঃ ঘন দুগ্ধ কৰয় ধাৰণ॥
ঘন দুগ্ধ ক্ষুদ্ৰ বালকৰ জীৰ্ণ নহে।
ঘনতা হেতুকে তাক উদৰে নসহে॥