পৃষ্ঠা:সূতিকা পটল.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
সূতিকা পটল।

দুই দুই দণ্ডে খুৱাইবা একবাৰ।
“কাষ্টীকৰ’’ জলে ৰঙা দাগ যাব গাৰ॥
যবক্ষাৰ দ্রাবকত ৰূপা যােগ কৰি।
কৰে দ্রাবকৰ কাঠী যি জানে ডাক্তৰী॥
তাকো বিক্ৰী কৰে সেই বিক্রেতা সকলে।
কেবল দ্রবয় মাত্র সিতো বৃষ্টি জলে॥
সেই জল ৰঙা দাগ বেড়ি মুছি দিব।
কলা পড়ি যাব ৰঙা বেশ নথাকিব॥
য’ত ৰঙা ৰঙা দেখা তাত আগে দিয়া।
ৰঙাৰ উপৰে জল দিবাহা মুছিয়া॥
কিন্তু তিনি চাৰি বাৰ সেই ৰূপে দিব।
তেবেসে ৰঙাৰ লেশ মাত্র নাথাকিব॥
কাষ্টিক পােনৰ ৰতি আড়ৈ তোলা পানী।
তাকে মুছি দিবাহা শলাত বান্ধি কানি॥
কাৰ্য্যক বুঝিয়া ন্যূনাধিক যিবা লাগে।
ইচ্ছা অনুসাৰে কৰা কৰা এই ভাগে॥
সি ঔষধ দুর্লভ সহজ কথা এই।
ইয়াক দিবেক তাক নপাৱয় যেই॥
অল্প মাত্র আফিঙক জলত সিজাই।
লোমজ বসন সেই জলত ভিজাই॥

  • “কাষ্টীক’’— ই এবিধ ঔষধ; তলৰ পদকেইফাঁকিৰ কথামতে ইয়াক প্ৰস্তুত কৰে৷ ঘৰত সেইবােৰ কৰা

টান ; দোকানৰপৰা কাষ্টীক কিনি আনিলে বা ডাক্তাৰৰখানাৰ পৰা খুজি আনিলে হয়। কিন্তু এই দৰৱ দিয়াত অলপ হেজাম; সেই দেখি ইয়াৰ পাছৰ পদকেই ফাঁকিত কোৱা নিয়মমতে আফিং দিলেই হয়৷