পৃষ্ঠা:সূতিকা পটল.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সূতিকা পটল ৷

ৰাতি দিনে দশবেলি দিবেক খুৱাই।
প্রতি বাৰে পাঁচ টোপা ব্ৰাণ্ডী মিশলাই॥
সাগু আদি পথ্যতো তাকেসে দিব লাগে।
অধিক নিদিব মাত্র দিব সেই ভাগে॥
পাৰাবত মাৰি তাৰ মাংস বাছিলব।
পানীত নুধুব ৰক্ত সমন্বিতে থব॥
এক সেৰ জলত সিজাব লাগে তাক।
একপােৱা অবশিষ্ট লাগে ৰাখিবাক॥
সেই জল অল্প অল্প কৰাব আহাৰ।
দুর্ব্বল নাশন পক্ষে মহা উপকাৰ॥


বালকৰ কাশ।

শীতল বতাস কিংবা শীত স্থানে বাস।
ই দুই কাৰণে বালকৰ হয় কাশ॥
গাওত নাহিক জ্বৰ বুকত ঘাগাৰ ।
লােমজ কাপড়ে অঙ্গ আচ্ছাদিব তাৰ॥
উষ্ণজলে “বাইনম ইপিকা’’* মিশলাই।
মধু যােগে মিষ্ট কৰি দিবাহা খুৱাই॥
দিন পাঁচ ছয় দিন-ৰাত্রে পাঁচ বাৰ।
খুৱালে গুছিব কাশ নথাকিব আৰ॥
বান্ত হই হব কিছু শ্লেশ্মাৰ পতন।
বান্ত নিবাৰণ পক্ষে নকৰা যতন॥

  • বাইনম্ ইপিকা—ইয়াকো ঔষধৰ দোকানত বা ডাক্তাৰখানাত পাব পাৰি৷