পৃষ্ঠা:সূতিকা পটল.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সূতিকা পটল।

তাৰে এক টোপা চিৰতাৰ জল সমে।
দিন দশ খুৱাব গােধূলি পুৱা ক্ৰমে॥
য’খাৰ দ্রাবক হৈলে তাতো সেই ফল।
এক টোপা সমে একাদশ টোপা জল *॥
চিৰতাৰ জল দিব পূর্ব্ব পৰিমাণ।
তুল্য উপকাৰ আত নাই ব্যৱধান॥
প্ৰস্ৰাৱ দুৰ্গুণ গুছিবেক সুনিশ্চয়।
অজীর্ণ থাকিলে জানা আতে জীর্ণ হয়॥
ইংৰেজী ঔষধ বিক্রেতাৰ স্থানে গই।
কিনিবাহা “হাইড্ৰো ক্লোৰিক” বুলি কই॥
লবণ দ্রাবক বুলি বাত † নুবুঝিব।
নাই বুলি ইতো দাৰু নুবুঝি নিদিব॥
যবক্ষাৰ দ্ৰাবকৰ ভিন্ন নাম হয়।
দোকানিয়ে “নায়ট্ৰিক এসিড” বুলি কয়॥

⸻⸻⸻

ৰঙা প্রস্রাৱ।

যদি প্রস্রাব বর্ণ হয় ৰাঙচিয়া।
জ্বৰ হয় বুলি তাক জানিবা তেতিয়া ॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • লবণদ্ৰাবক আৰু য’খাৰ দ্ৰাবক বৰ চোকা বস্তু। তাক এনেই খুৱালে অন্যায় কৰিব। সেই দেখি

একটোপা লবণদ্ৰাবকৰ লগত সাত টোপা পানী মিহলাব। এতিয়া এই পানী আৰু লবণদ্ৰাবক মিলি ৮ আঠ টোপ হ’ল। এই মিহলি ঔষধৰ নিতৌ পুৱা আৰু গধূলী বেলা একো টোপ দেড় তোলামান ছিৰটাৰ পানীত খুৱাব। এনেকৈ দহদিন মান খুৱালে অজীর্ণ নাশ হ’ব। লবণ দ্ৰাবক নহই, য’খাৰ দ্ৰাবক হ’লে তাৰ এক টোপত ১১ এঘাৰ টোপা পানী দিব। আৰু আগৰ নিচিনা ছিৰটাৰ পানীত খুৱাব৷

† বাত—কথা; অৰ্থ৷