পৃষ্ঠা:সূতিকা পটল.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


গৰ্ভৱতীক দিবৰ জুলাপ।
লক্ষ্মী বোলে নিয়মিত শৌচ নহইলে।
শৌচ কৰাবাক লাগে “ক্যাষ্টেৰ অইলে”•॥
দুই বা আড়াই তোলা আৰ পৰিমাণ।
অধিক নেদিবা আত হৱা সাৱধান।৷
পাঁচ তোলা তপ্ত দুগ্ধে তাক মিশলাই।
খুৱাইবা সেই তৈল তাত ভয় নাই॥
ভেদৰ নিমিত্তে অন্য ঔষধ আছয়।
নিদিবা সিসব বহু ভেদৰ সংশয়॥
বিনোদিনী বোলে বহু ভেদে কি সংশয়।
লক্ষ্মী বোলে বহু ভেদে গৰ্ভ নষ্ট হয়।৷

আহাৰ।

খাদ্যাখাদ্য বিষয়ত এই যুক্তি সাৰ।
মন্দ বস্তু কভু নকৰিবেক আহাৰ॥
যি বস্তু খাইলে উদৰৰ পীড়া হয়।
নখাব নখাব তাক নিশ্চয় নিশ্চয়।৷
গৰ্ভিণীৰ উদৰৰ পীড়া যদি হয়।
গৰ্ভ নষ্ট হইবাৰ বিশেষ সংশয়॥
আৰু এক কথা কঁও শুনা বিনোদিনী।
কাৰো কাৰো ক্ষুধা হয় প্ৰভাতে যামিনী॥

•কাষ্টৰ অইলে অৰ্থাৎ এৰাৰ গুটীৰ তেলেৰে। ডাক্টৰখানা বা দোকানত কিনিব পোৱা যায়।