পৃষ্ঠা:সূতিকা পটল.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সূতিকা পটল।

বিনোদিনী বোলে যদি ভাঙিলেক জল।
দ্বিতীয় অৱস্থা পক্ষে প্ৰমাণ প্ৰবল॥
লক্ষ্মী বোলে ইতো সত্য কিন্তু কদাচিত৷
নভাঙয় জল কাৰো হেন আচৰিত॥

⸻⸻

জল নভাঙি

আধাৰ সমে জন্ম।

জলৰ আধাৰ সমে প্ৰসৱয় সুত।
দেখিছোঁ প্ৰত্যক্ষ নভাবিবা অদভুত॥
তাতো বালকৰ জীবনৰ হানি নাই।
কি কৰোঁ কি হৈল বুলি নথাকিব চাই॥
অতি শীঘ্ৰ বালকক মুক্ত কৰি লব।
বিলম্ব কৰিলে জীৱনৰ হানি হব॥
মুক্ত কৰিবাৰো অন্য চিন্তা নকৰিব।
হস্ত দিয়া চৰ্ম্ম থলি যতনে ছিড়িব॥
কিংবা সাৱধানে অস্ত্ৰ দ্বাৰা ফালি লব।
অস্ত্ৰ চালনত অতি সাবধান হব॥
বালকৰ অঙ্গে অস্ত্ৰ যেন নলাগয়।
সেই পক্ষে সতত ৰাখিব মনে ভয়॥
বালক নেদেখি তাত অনভিজ্ঞ জনে।
ফেলাব পাৰয় অপদাৰ্থ জানি মনে॥
তাৰ মধ্যে সজীব সন্তান ফেলাইল।
যেন স্বৰ্ণ প্ৰতিমাক বিসৰ্জ্জন দিল॥

⸺⸺