পৃষ্ঠা:সূতিকা পটল.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
সূতিকা পটল ।


ভূতথকা মিছা।

লক্ষ্মী বোলে বিনোদিনী ক্ৰোধ এড়ি শুন।
যাৰ বহু গুণ তাৰ দোষো বহু গুণ॥
যি সব পণ্ডিতে বহু শাস্ত্ৰক জানয়।
সি সব পণ্ডিতে ভূত আছে বুলি কয়॥
তেওঁলোকে সাধ্যপৰ কল্যাণ সাধয়।
আমাসাৰ মঙ্গলাৰ্থে ভূত বুলি কয়॥
সেই বাক্যে অসীম মঙ্গল সাধিচন্ত।
অন্ধকাৰে কুস্থানক যাইব নেদন্ত॥
আৰো যিবা যিবা ইবাক্যত উপকাৰ।
শক্তি মোৰ নাই সবিশেষে বৰ্নিবাৰ॥
ভূতপক্ষে পক্ষপাত কৰে বহুজনে।
এতেকতে প্ৰতিবাদ নকৰয় মনে॥
ভূত মিছা হোক ভূতে আছে বহু গুণ।
নকৈছোঁ পূৰ্ব্বত বহু দুৰ্গুণে সু গুণ॥
ভূতপতি ভব ভাবে যাৰ শ্ৰীচৰণ।
ভূত ভয় এৰি ভাবা সি ভূতভাবন॥

⸺⸺

‘মাতৃহাৰ’’ পাক হলে শিশুৰক্ষাৰ যত্ন।

প্ৰকৃত ভৌতিক কাৰ্য্য নহে সাৰে সাৰ।
বালকৰ হয় ৰোগ ধনুষ টঙ্কাৰ॥
কি হেতু হোৱয় ৰোগ হেতু শুনা তাৰ।
হবাৰ আছয় হেতু অনেক প্ৰকাৰ॥