পৃষ্ঠা:সূতিকা পটল.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সূতিকা পটল।

পৰম বিপদ ইতো কথা তেনেহ’লে।
ই দেশত তাক “গর্ভ পামঙলী” বলে৷।
বসন্ত মাউৰ আদি খেদি ধৰা ৰােগ*।
অন্য কাৰো হই যদি কষ্ট কৰে ভোগ।৷
তাক দেখিবাক নযাইবেক মােহিনী।
নিবাৰণ কৰি ৰাখিবাহা বিনােদিনী।৷
ই-দুই ৰোগক বৈদ্য শাস্ত্ৰত কহয়।
স্পর্শজ দোষত আঁসি অন্যৰ হােৱয়।৷
গৰ্ভৱতী নাৰী যদি পড়ে ইতো ৰােগে।
মৃত শিশু প্রসৱিয়া নানা কষ্ট ভােগে৷।
আৰু এক কথা মনে পড়িলেক ভাল।
ইতো মধ্যে হৈলে কাৰো প্ৰসৱৰ কাল।৷
মােহিনীক দেখিবাক কৰিবা বাৰণ।
অন্তৰত ভয় পাইবেক অকাৰণ৷।

গর্ভনষ্টৰ আশঙ্কা।

গর্ভিণী পাৱয় শেষ ঋতু যিদিনত।
অসুখ জন্ময় মাস, মাস, সিদিনত +৷।

  • আই ওলালে বা হাজিয়া (মান্না) লাগিলে-সেইবোৰ ৰোগৰ

ওচৰত নাযাব।
+ অৰ্থাৎ গর্ভিণীৰ শেষ ঋতু মাহৰ যি তাৰিখে হয়, তাৰ পাচত প্রসৱ নোহোৱালৈকে প্রত্যেক মাহৰ সেই তাৰিখে গর্ভিণীৰ অসুখ হয়। তেতিয়া বেছি শ্ৰম কৰিব নিদিব৷