পৃষ্ঠা:সূতিকা পটল.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৴৹


কিতাপখন আচলতে অনুবাদ হে৷ কিন্তু কবিৰাজী বা বেজালী কিতাপ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰা সাধাৰণ শক্তিৰ কাৰ্য্য নহয়৷ আচলতে এই পুথিখনে আমাক প্ৰাচীন সংস্কৃত সাহিত্যত যে সকলো কথা শ্লোকত লেখা হৈছিল, সেই কথাটি মনত পেলাই দিয়ে৷ এই সুৱলা অনুবাদত বাদে মাজে মাজে মধুৰ পদৰ ফুলবোৰ ফুটি ফুটি ওলাইছে৷ অৱশ্য, এনে কিছুমান অনুপ্ৰাস বা যমকৰ ঘটা আছে যাক আজিকালি ভাল কবিতা বোলা নহয়৷ কিন্তু তেতিয়া অনুপ্ৰাস, যমক আৰু অলঙ্কাৰৰ চক্ মক্ দেখোৱাই কবিতাৰ আদৰ্শ আছিল; আৰু সেই আদৰ্শত বুঢ়া চৌধুৰীক ছেৰ পেলোৱা টান ৷ সময় আৰু আদৰ্শমতে কৃতিত্ব দেখাবপৰা বুদ্ধি আৰু শক্তিৰ কাম; সময়ৰ আদৰ্শক কাটি কৰি থৈ সত্য আদৰ্শ অনুসৰি কৃতিত্ব দেখুৱাব পৰা প্ৰতিভা অতি কমৰ ভাগ্যত হে হয়৷ ইয়াত দুই এটা উদাহৰণ দেখুৱাই তেওঁৰ কবিত্বৰ পৰিচয় দিব নোৱাৰি৷ সমুদায় কিতাপখন এবাৰ পঢ়িলে তেওঁৰ কবিত্বত মুগ্ধ হ’ব লাগিব। তথাপি শব্দ ব্যৱহাৰ আৰু অলঙ্কাৰৰ ছটা দেখুৱাবৰ বাবে ইয়াত দুটি এটি পদ তুলি দিয়া হ'ল৷

হাস্য আস্যে লক্ষ্মী বোলে কিনু হাস্যাস্পদ৷
ঈশ্বৰৰ কাৰ্য্যে ভূতে ঘটায় বিপদ॥ (১২ পৃষ্ঠা)

অনুপ্ৰাস আৰু শ্লেষ আদিত চাবাচোন—

গোবিন্দৰ পদ, আৰু গোবিন্দৰ পদ৷
ই দুই জানিলে গুছে প্ৰসব বিপদ।৷(১৬ পৃষ্ঠা)

দুৰ্ম্মদ বিপদকৰী,  হৰিনাম তাহে হৰি,
 মোহ পৰিহৰি তাক ভাবা॥