পৃষ্ঠা:সূতিকা পটল.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সূতিকা পটল ।

গৰ্ভ হন্তে বালক ভূমিষ্ট হৈবামাত্ৰ।
উষ্ণ জলে সাবুনে * ধুৱাব তাৰ গাত্ৰ॥
প্ৰত্যহ শৰীৰ ৰাখিবেক পৰিষ্কাৰ।
নকৰিলে পৰিষ্কাৰ ৰোগ হৈব তাৰ॥
শীতল বাতাস যদি লাগে শিশু গাত্ৰে।
হোৱয় সেহিসে ৰোগ জানা ক্ষণ মাত্ৰে॥
কোৱা লক্ষ্মী শীতল বাতাস বোলে কাক।
বিশেষ কৰিয়া তাক বুঝায়ো আমাক॥
লক্ষ্মী বোলে মেঘাচ্ছন্ন দিনে বৃষ্টি দিনে।
শীতকালে প্ৰসৱিলে গ্ৰীষ্মকাল বিনে॥
শীত নিবাৰক বস্ত্ৰ শিশু গাত্ৰে দিব।
হিম বায়ু নিবাৰিয়া যতনে ৰাখিব॥
কিছুকাল উষ্ণ বস্ত্ৰে গাত্ৰ আচ্ছাদিয়া।
কিছুক্ষণ ৰাখে যদি উদলা কৰিয়া †॥
এই দুই কাৰণত সেই ৰোগ হয়।
মিথ্যা নাভাবিবা ইতো নিশ্চয় নিশ্চয়॥
আহাৰ বৈগুণ্যে ইতো ৰোগ উপজয়।
বাসী দুগ্ধ খুৱাইলে সেই ৰোগ হয়॥
পূৰ্ব্ব দিবসৰ অবশিষ্ট দুগ্ধ থাকে।
প্ৰভাতে নপাই দুগ্ধ খুৱাৱয় পাকে॥
সেই দুগ্ধ বালকৰ হলাহল সম।
বালক আৰোগ্য পক্ষে পৰম বিষম॥


  • সাবুন-চাবন।

† গাত কাপোৰ নোহোৱাকৈ।