পৃষ্ঠা:সূতিকা পটল.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সূতিকা পটল।


হাতৰ নখৰ ধাৰ কাটিব সুন্দৰে।
কিবা হাত দিব লাগে গৰ্ভৰ ভিতৰে॥
গৰ্ভে সন্তানৰ থিতিথল যি খণ্ডত।
নখাঘাতে পাৱৈ কষ্ট পোৱাতি অন্তত॥
তাৰ পৰে গৰ্ভিণীৰ গৰ্ত পৰীক্ষিব।
কি ভাঁজে সন্তান আছে তাহাক বুঝিব॥
অধঃ কিংবা উৰ্দ্ধে শিৰ কৰিয়া আছয়।
কিংবা পথালিয়ে আছে বুঝিব লাগয়॥
যদি গৰ্ভে অধোভাগে মস্তক থাকয়।
প্ৰথমে মস্তক বাহিৰিয়া প্ৰসৱয়॥
যদি বালকৰ শিৰ থাকে উৰ্দ্ধ ভাগে।
সিতো সন্তানৰ পদ বাহিৰয় আগে॥
পথালি থাকিলে হাত আগে বাহিৰয়।
দুৰ্ভাগ্যতে কাৰো কদাচিত হেন হয়॥

⸺⸺⸺

প্ৰথমে হাত ওলালে কি কৰ্ত্তব্য।

যদি পথালিয়া শিশু নুঘুৰে আপুনি।
হাত দিয়া ঘুৰাইয়া দিবো আচৰণী *॥
নকৰিলে ইতো কৰ্ম্ম পোৱাতি মৰয়।
পথালি শিশুৰ ইতো ভয়ঙ্কৰ ভয়॥
প্ৰথমে শিশুৰ যদি হাত বাহিৰয়।
গৰ্ভে নিয়া সেই হাত থৈবাক লাগয়॥


  • আচৰণী বা আশ্ৰেণী—প্ৰসৱৰ সময়ত পোৱাতীক সহায় কৰা তিৰোতা