পৃষ্ঠা:সূতিকা পটল.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
সূতিকা পটল।

ক্ৰমে ক্ৰমান্বয়ে অঙ্গ সবো বাহিৰিল।
মোহিনীৰ পুত্ৰ আসি ভূমিষ্ঠ হইল॥


ভূমিষ্ঠ হলে কৰ্ত্তব্য।

লক্ষ্মী বোলে লক্ষ্মীপতি ৰাখিলেক মান।
কৰিল জগত-পতি মোহিনীক প্ৰাণ॥
মোহিনীৰ পুত্ৰ দেখি সখী-সাজি গণে।
জোকাৰ পাৰিল সবে আনন্দিত মনে॥
লক্ষ্মী বোলে আছল কাৰ্য্যক নুভূলিবা।
উদৰৰ হাত বিনোদিনী নুতুলিবা॥
জননীৰ পাৰ্শ্বভাগে বালকক থওঁ।
শুনা কিয় থওঁ, তাৰ কাৰণক কওঁ॥
দ্বাৰৰ সম্মুখ ভাগ শঙ্কাৰ বিষয়।
প্ৰসৱৰ অন্তে কাৰো ৰক্তস্ৰাৱ হয়॥
যদি সেই দ্বাৰৰ সম্মুখে শিশু থয়।
নাকে মুখে কৰ্ণ ৰন্ধ্ৰে পড়িতে পাৰয়॥
মোৰ অনুকৰণ কৰিবা ভবিষ্যতে।
ইত্যাদি কথাক নুভূলিবা কোনমতে॥
বালকৰ মুখত অঙ্গুলি প্ৰৱেশাওঁ।
লাল জোল আছে নাই মই তাক চাঁও॥
যদি আছে তেন্তে ময় বাহিৰাওঁ তাক।
শিক্ষাৰ কাৰণে বিনোদিনী দেখি থাক॥