সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
সূতিকা পটল ৷

পাঁচ ছয় টোপা খুৱাইলে নােহে বান্ত।
কফ পাতলয় ৰােগ হয় উপশান্ত॥
যদি হৃদয়ত বহু কফ চিহ্ন পাই।
বান্ত কৰাবাক লাগে ঔষধ খুৱাই॥
আট দশ টোপা ক্ৰমে চাৰি পাঁচ বাৰ।
খুৱাইলে বান্ত হইবাক পাৰে তাৰ॥
প্রভাত কালত বুকে শ্লেশ্মা গােট জয়।
সেই সময়ত বান্ত কৰাব লাগয়॥
সাঁত সোঁত কৰে বুক কাশি ঠৰ পড়ে।
চক্ষুঃ মুখ ৰঙা পড়ে তাতে জ্বৰ ধৰে॥
চক্ষুঃ মুজি থাকে জ্ঞান শৰীৰত নাই।
ঔষধ খুৱাব শীঘ্ৰে নথাকিব চাই॥
তপজল মধুসমে “বাইনম্ ইপিকা’’।
“বাইনম্ ইপিকা’’ পৰিমাণ এক সিকা॥
জল, মধু, বাইনম্ ইপিকা” মিশলাই।
তিনি চাৰি বাৰ তাঙ্ক দিবাহা খুৱাই॥
বান্ত হই শ্লেশ্মা পড়ি দূৰ হব কাশ।
খুৱাইব পাঁচ দিন বৰোগ হৈব নাশ॥
নুগুছয় মানে পুৱা পুৱা খুৱাইব।
ঘষণী ঔষধ বুকে পৃষ্ঠে ঘষি দিব॥
ভূর্জ্জপত্র তৈল* সৰিষাৰ তৈল সমে।
সমভাগে বোতলে ৰাখিব যত্ন ক্ৰমে॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • ভূৰ্জ্জপত্রতৈল—“ক্যাজুপট অয়েল’’—ঔষধৰ দোকানত বা ডাক্তাৰখানাত পোৱা যায়৷