পৃষ্ঠা:সূতিকা পটল.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সূতিকা পটল।

এই দ্রব্য পান কৰিলাত শৌচ হয়।
ইতো কাৰ্য্যে উদৰ উফন্দা নিৰাময়॥
শৌচ হই থাকে কিন্তু উফন্দে উদৰ।
নিদিব ভেৰেণ্ডা তৈল টার্পিণত পৰ॥
এক টোপা টার্পিণত অল্প মৌৰি জল।
মিশলাই খুৱাইব মিলিব সুফল॥
বালকৰ ৰােগ ঘােৰ বিপদৰ বেলা।
দণ্ডে দণ্ডে খুৱাইব নকৰিব হেলা॥
আৰু এক পৰম উপায় কওঁ সাৰ।
পেট উফন্দাৰ কৰে মহা উপকাৰ॥
লােমজ কাপড় উষ্ণ জলে ভিজাইব।
নিগড়ি ফেলাব জল কিছু নৰাখিব॥
সহিবাৰ উপযুক্ত উষ্ণ থাকিলাত।
অল্প কিছু টাৰ্পিণ সিঞ্চিয়া দিব তাত *॥
সেই টার্পিণৰ ভাগ লগাই উদৰে।
সেই উষ্ণ বস্ত্র যেন উদৰত ধৰে ॥
শীতল হোৱয় মানে বস্ত্ৰ নদাঙিব।
শীতল হইলে তুলি পুনৰ্ব্বাৰ দিব॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • লোম থকা গৰম কাপােৰ (যেনে ফ্লানেল বা পৰিষ্কাৰ কমলিৰ কানি) তপত পানীয় ভিজাই পানীবোৰ আটি পেলাব। সেই কাপোৰখন তেতিয়াও অলপ তপতে থাকিব। তপতে থাকোঁতে তাত অলপ টার্পিণ তেলৰ ছিটা দি তাৰেই পেটত সেঁক দিব। সেই কাপোৰখন ঠাণ্ডা হলে পুনৰায় তেনেকৈ সেঁক দিব। টার্পিণ তেল এবিধ পানীৰ নিচিনা বস্তু। দোকানত কিনিব পোৱা যায়৷