পৃষ্ঠা:সূতিকা পটল.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সূতিকা পটল।

নবনী-পুতলী সম অতি সুকোমল।
নলাগিব নাকি শিৰে আঘাত প্ৰবল॥
বল দিলে শিশু আসে নেদিলে নাহয়।
পাগলত পৰে হেন জ্ঞানী নকহয়॥
বসিলে সে শিশু জন্মে শুইলে নহয়।
কোনো যুক্তি কোনো শাস্ত্ৰে হেন নকহয়॥
কত শত ৰূপৱতী নবীনা প্ৰসূতি।
শুইবাৰ অৰ্থে কৰে কাকুতি মিনতি॥
নিৰ্দ্দয় হুইয়া ধাই * অশিক্ষা কাৰণ।
মিনতি নুশুনি কৰে শুইবে বাৰণ॥
শুইলে নাহিক কিছুমাত্ৰ অপকাৰ।
শুইলে কি গুণ মৰ্ম্ম নজানয় তাৰ॥

⸻⸻⸻

গা-ছুৱা গলে যি কৰ্ত্তব্য।

বিনোদিনী বোলে যুক্তি তোমাৰ প্ৰবল।
দেখা দেখা মোহিনীৰ ভাঙিলেক জল॥
লক্ষ্মী বোলে মন্দ নোহে সাৱধান হোৱা।
বাম কুক্ষি অধঃ কৰি শুৱাইয়া থোৱা॥
জানুদ্বয় মধ্যত বালিশ † এটী দিয়া।
শিশুৰ মস্তক দেখা দিবেক এতিয়া॥
মস্তক বাহিৰ পক্ষে হব সুসঙ্গতি।
ইতো কষ্ট কালে সুখ পাইব প্ৰসূতি॥
সেই ৰূপে সি কাৰ্য্যক কৰি আচৰণ।
লক্ষ্মী বিনোদিনী কৰে কথোপকথন॥


† বালিশ— গাৰু