সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
সূতিকা পটল।

ক্ৰমে শিৰ পৰে গ্ৰীবা বাহিৰ হইল।
বিনোদিনী ইতো তত্ত্ব লক্ষ্মীক কহিল॥

⸻⸻

শিশুৰ গলত

নাড়ীৰ মেৰ থাকিলে।

লক্ষ্মী বোলে ময় বালকৰ দেখোঁ গ্ৰীবা।
গ্ৰীবা ভাগে নাড়ীৰ বন্ধনী আছে কিবা॥
বিনোদিনী বোলে থাকিলাত কিবা হানি।
শুনি তাৰ প্ৰতি লক্ষ্মী বুলিলেক বাণী॥
গৰ্ভবাস অৱস্থাত হানি নাহিকয়।
বাহিৰে থাকিলে হয় মৰণৰ ভয়॥
গ্ৰীবাৰ বন্ধনী প্ৰায় শ্বাসৰুদ্ধ কৰে।
শীঘ্ৰে দূৰ নকৰিলে শিশু প্ৰাণে মৰে॥
বিনোদিনী বোলে দেখা দেখা মোৰ আই।
লক্ষ্মী বোলে দেখিলোহোঁ সি জঞ্জাল নাই॥
বিনোদিনী বোলে থাকিলাত কৰা কিবা?
লক্ষ্মী বোলে মেৰ ভাঙি মুকুলাওঁ গ্ৰীবা॥
কিন্তু সাবধানে কাৰ্য্য কৰিব লাগয়।
অসাৱধানত হিতে বিপৰীত হয়॥
যদি কোন ক্ৰমে নাড়ীগছ ছিঙি যায়।
তাতো ভয় হই পাছে হয় নিৰুপায়॥
যদি বহু মেৰ দেখা-দেখা পাঁচ সাত।
কহোঁ শুনা কি উপায় কৰিবাঁহা তাত॥