পৃষ্ঠা:সূতিকা পটল.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সূতিকা পটল।

সিতো বাঁধ নেদেখি কাটয় উপৰত।
ৰক্ত বহি ভয় জন্মে শিশু মৰণত॥
সেই দুৰ্গুণত ৰক্ত বহে ধাৰাসাৰ।
বাঁধৰ উপৰে বাঁধ দিব লাগে আৰ॥
এতেকতে সিতো ৰজ্জু অল্প বড় কৰা।
কিংবা ৰজ্জু এৰি ফিতা∗ ব্যৱহাৰ ধৰা॥
বাঁধৰ দুৰ্গুণ থাকিলেক এইমানে।
বাঁশৰ কৰ্ত্তনে শিশু দুঃখ পাৱে প্ৰাণে॥
বাঁশৰ কৰ্ত্তনী হলে ৰেপিব লাগয়।
দুঃখ পাৱে শিশু জানা তাতেসে কান্দয়॥
কৰ্ত্তনীত কৰি কেঁচি মহা উপকাৰী।
কেঁচিৰে কাটিলে শিশু নপাৱয় সাৰি॥
কৰ্ত্তনে কাটিব লাগে নাকাটিলে নয়।
কোন স্মৃতি ব্যবস্থা শাস্ত্ৰত নকহয়॥
পৰম্পৰা যি কৰে কৰয় মাত্ৰ তাক।
দোষ দেখাইয়া দিলে নুশুনয় হাক॥
এতেকে বিস্তৰ লিখিবাক নাই মন।
প্ৰাচীন সবাৰ পক্ষে অৰণ্যে ৰোদন॥
নবীনা সুমতি সতী সবাকো মিনতি।
ইসব নিয়ম চলাবাক দিয়া মতি॥
নাভিক এৰিয়া তিনি আঙ্গুল উপৰে।
নাড়ীক বাঁধিল লক্ষ্মী ধৰি নিজ কৰে॥


∗ফিতা—ইও এবিধ জড়ি। কিন্তু গোটালি ন হয়, চেপেটা হে কাপোৰৰ পাৰীৰ দৰে। দোকানত কিনিব পায়।