পৃষ্ঠা:সূতিকা পটল.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সূতিকা পটল।

বালকৰ পিতৃ যদি হয় ধন হীন।
সি সঙ্গতি কৰিবাক অবশ্য কঠিন॥
এতেকতে গৰ্দ্দভৰ দুগ্ধ খুৱাইব।
সিও নিমিলয় যদি গাভী দুগ্ধ দিব॥
তাতে কৰিবেক সেইৰূপে জলযোগ।
সাৱধানে খুৱাব শিশুৰ নোহে ৰোগ॥

⸻⸻

অনিয়ম আহাৰ।

অনিয়মে দিলে মাতৃ দুগ্ধ বিষ প্ৰায়।
বালকৰ মৃত্যু ৰোগ হৱয় ত্বৰাই॥
বিনোদিনী বোলে অনিয়ম বোলা কাক।
লক্ষ্মী বোলে বিষম ভোজন বোলে যাক॥
দিনে দুই বেলি সন্তানক স্তন্য দিয়া।
কৰ্ম্মে ব্যগ্ৰ কেও থাকে তাঁতত বসিয়া॥
কৰ্ম্ম অবসৰে স্তন মুখে প্ৰবেশাই।
কক্ষে লই বালকক মাতৃ নিদ্ৰা যাই॥
অজ্ঞান বালক অহৰ্নিশি পান কৰে।
অজীৰ্ণ হোৱয় ৰোগে ধৰে কিংবা মৰে॥
নিয়ম কৰিয়া দুগ্ধ দিবাক লাগয়।
অৰোগী থাকয় শিশু ক্ৰমে পুষ্ট হয়॥
বয়স হইল আসি দশ দিন যাৰ।
দিবা ৰাত্ৰ মাজে দুগ্ধ দিব আট বাৰ॥
প্ৰহৰৈক ৰাত্ৰি গত হই যেবে যাই।
বালকক দুগ্ধ খুৱাবাৰ বিধি নাই॥