পৃষ্ঠা:সূতিকা পটল.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
সূতিকা পটল।

একবাৰ দুই বাৰ দিব বাৰংবাৰ।
সৰ্ব্ব দোষ শান্তি হব কহিলোঁহোঁ সাৰ॥

⸻⸻

গাৱত ৰঙা দাগ হলে।

শিশুৰ শৰীৰ স্থলে স্থলে ৰঙা পড়ে।
নানা অঙ্গে লড়ি ফুৰে গাৱত জ্বৰ ধৰে॥
চক্ষুঃ মুখ নেমেলয় শব্দ নকৰয়।
ভৰসা এড়য় তাকে ভাবে মহা ভয়॥
অশৌচৰ মধ্যে জানা সেই ৰোগ হলে।
নির্ব্বোধ ওঝায় “মৰ্কুচিয়া’’-মায়া বলে॥
ৰোগ উপজয় কিয় নজানয় তাক।
নজানে নুশুনে প্রসূতিকো নেদে হাক॥
স্থানৰ দুর্গন্ধে আৰু বিছানাৰ মলে।
গৃহ মধ্যে বায়ু সূৰ্য্য-কিৰণ নগলে॥
ইসব কাৰণে ইতো ৰোগ উপজয়।
আলনিয়া দিয়ে আৰু দেখুৱায়ে ভয়॥
যিজন নির্ব্বোধ কথা নলবাহা তাৰ।
“টীংচৰ ষ্টীলক’’ জানা ঔষধ ইয়াৰ॥
ইংৰেজী ঔষধ বিক্রেতায় বেচে আক।
অতি অল্প মূল্যে পাইবাহা কিনিবাক॥
যদি ইতাে দুৰ্গুণত পেট ফিকা নাই।
তাৰে তিনি বিন্দু হিম জলে মিশলাই॥