পৃষ্ঠা:সূতিকা পটল.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

সুতিকা পটল।

গ্ৰন্থাৰম্ভ।

কাৰণ।

আদ্যা শক্তিময়ী জননীক ভক্তি ভাৱে।
সহস্ৰৈক দণ্ডবত কৰোঁ তান পাৱে॥
আপুনি কষ্টক সহি ৰাখে উদৰত।
বহু কষ্ট পাৱয় প্ৰসূতি প্ৰসৱত॥
যিবা কষ্ট যত্ন সন্তানৰ প্ৰসৱত।
লক্ষ্মীয়ে কহিল বিনোদিনীৰ প্ৰশ্নত॥
ইতো গ্ৰন্থ শ্ৰবণত আছে উপকাৰ।
বুজা মাতৃসব প্ৰসৱৰ ব্যৱহাৰ॥
প্ৰসৱ বিষয় আৰু বালক বিষয়।
ঔষধ জানিব তাত নাহিক সংশয়।॥
তাকে জানি সতী লক্ষ্মীৰূপা নাৰীগণ।
ইতো ক্ষুদ্ৰ গ্ৰন্থ শ্ৰবণত দিয়া মন॥
সু-সাধু ভাষাৰ আৰ মূলগ্ৰন্থ খানি।
চিদানন্দে পদ্য কৰিবাক দিলা আনি৷।