পৃষ্ঠা:সূতিকা পটল.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সূতিকা পটল৷

সন্তান জন্মত তিৰোতাৰ সুখ।

ইতো কথা শেষ ভৈলা,  মোহিনী গৃহে গৈলা,
 মোহিনীয়ে বিনয়ে বুলিল।
বহাহা ভগিনীদ্বয়, বেদনা প্ৰাণে নসয়,
 পূৰ্ব্বাৰ্জ্জিত পাপে পৰশিল॥
লক্ষ্মী বোলে মোৰ আই,  পাপ নহে ভয় নাই,
 স্ত্ৰীজন্মৰ এই মুখ্য ফল।
সন্তান নভৈল যাৰ, মানসিক কষ্ট তাৰ,
 জন্মবন্ধ্যা জনম বিফল॥
যাগ হোম ব্ৰত কৰে, বৈদ্যৰ চৰণে ধৰে,
 কৰে কত কাকুতি মিনতি।
পাৱে কত মনোদুখ, নেদেখে সন্তান মুখ,
 মনস্তাপে কান্দে কত সতী॥
সন্তানৰ ইচ্ছা যাৰ, ইতো কষ্ট সঙ্গী তাৰ,
 আত কিছু নভাবিবা দুখ।
দেখিবা পুত্ৰৰ মুখ, স্বামীৰো জন্মিব সুখ,
 দুঃখ ঘুচি হৈব মহা সুখ॥
পৰীক্ষিয়া দেখোঁ ময়, আতুৰ নহবি তয়,
 কিছু কাল থিৰ হই থাক।
দুঃখহৰ্ত্তা সুখকৰ্ত্তা, যিজন জগত ভৰ্ত্তা,
 অন্তৰে প্ৰাৰ্থনা কৰা তাক॥
দুৰ্ম্মদ বিপদ কাৰী, হৰিনাম তাহে হৰি,
 মোহ পৰিহৰি তাক ভাবা।