পৃষ্ঠা:সূতিকা পটল.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সূতিকা পটল।

বালকক সেঁক দিয়া।

তাতো ক্ষান্ত ভৈলোঁ বালকক সেঁকিবাৰ।
লক্ষ্মী বোলে শুনিও ব্যৱস্থা কওঁ তাৰ॥
বালকৰ গাত্ৰে জল আছে অনুমানি।
বালকক সেঁকয় অগ্নিৰ পাশে আনি॥
তাতে আধা পোড়া হয় কাৰো জলা বাধে।
কহিবে সহিবে নৰে দুঃখে শিশু কান্দে॥
সেই অগ্নি উত্তাপত জ্বৰ উপজয়।
নানা অপকাৰে ধৰে জীৱনৰ ভয়॥
এতেকতে সৰ্ব্ব অঙ্গ সেঁকা অনুচিত।
নাভি মাত্ৰ সেঁকিবাৰ কেবল বিহিত॥
বৃদ্ধাঙ্গুলি প্ৰদীপ-অগ্নিত তপতাই।
সেই অঙ্গুলিয়ে হেঁচি হেঁচি সেঁকে “নাই”॥
প্ৰদীপ-শিখাৰ কালী তৈল সমন্বিত।
লাগিয়া থাকয় সেই বৃদ্ধ অঙ্গুলিত॥
সিতো অঙ্গুলিক ষেবে নাভিত হেঁচয়।
সেই তৈল-কালী নাভি-মূলে প্ৰবেশয়॥
বালকৰ নাড়ী পকে সেই তৈল গুণে।
ইসব অহিত হয় ধাত্ৰীৰ দুৰ্গুণে॥
এতেকতে সিতো কৰ্ম্ম কৰা অনুচিত।
সি কৰ্ম্মত হয় জানা হিতে বিপৰীত॥
কিছুমান অঙ্গাৰত অগ্নিক লগাই।
কানিৰ টোপলা সেঁকি সেঁকিবেক “নাই”॥
ইতো নিয়মত মহা উপকাৰ হয়।
কদাচিতো বালকৰ নাভি নপকয়॥

⸺⸻