পৃষ্ঠা:সূতিকা পটল.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


মোহিনী নখাই নথাকিব ক্ষুধা পাই।
ক্ষুধা নিবাৰিব প্ৰভাতত দুগ্ধ খাই৷।৷
পোৱাতি ক্ষুধাৰ্ত্তা থাকা অতি অপকাৰ।
কষ্ট পাৱে উদৰস্থ সন্তান তাহাৰ॥
গৰ্ভিণীৰ শৰীৰত যত যত্ন হয়।
গৰ্ভৰ সন্তানে তাৰ অংশক পাৱয়॥
গৰ্ভিণী ৰমণী যদি ক্ষুধাৰ্ত্তা থাকয়।
গৰ্ভে অল্পপ্ৰাণ বালকৰ কষ্ট হয়॥
গৰ্ভিণীৰ আৰোগ্যে থাকিলে নিজ প্ৰাণ।
হৃষ্টপুষ্ট বলিষ্ঠ জন্ময় সুসন্তান॥

পৰিধেয় বস্ত্ৰ।

বিবেচনা কৰি দেখিবাহা হিতাহিত।
কঠিন বন্ধনে বস্ত্ৰ পিন্ধা অনুচিত।৷
নিৰ্ম্মল বসন যেন পিন্ধে সৰ্ব্বদায়।
ভিজা বস্ত্ৰ মন্দ তাক নৰাখিবা গায়।৷

শ্ৰম।

আৰু এক উপদেশ শুনা বিনোদিনী।
বহু পৰিশ্ৰম নকৰিবেক মোহিনী॥
অল্প পৰিশ্ৰম নকৰাও ভাল নহে।
কৰিব অলপ শ্ৰম যিবা দেহে সহে।৷