পৃষ্ঠা:সূতিকা পটল.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সূতিকা পটল।


নুশুনি সি সব কথা অতি সাৱধানে।
মোৰ যুক্তি বিনোদিনী শুনিবাহা কাণে॥
বিনোদিনী বোলে শুনা মোৰ নিবেদন।
ৰোগ হইবাৰ কি সময় নিৰূপণ॥
লক্ষ্মী বোলে জন্মাবধি সাত দিন মাজে।
হোৱৈ সেই ৰোগ, হোৱৈ সাত দিন মাজে॥
পোন্ধৰ দিনক লাগি সেই ৰোগ হয়।
তাৰ পাছে হব বুলি নাই বড় ভয়॥
সাত দিন অন্তে হৈলে বড় শঙ্কা নাই।
সাত দিনে হৈলে ৰক্ষাপক্ষে নিৰুপায়॥
এতেকতে সাবধানে পালিব নিয়ম।
থাকিব নীৰোগে শিশু নুহিব বিষম॥
এই বুলি বিদায় লইল লক্ষ্মী সতী।
হাস্যমুখে বিনোদিনী দিল অনুমতি॥
লক্ষ্মী বোলে আবশ্যক হৈলে দিবা জান।
সময় সম্পূৰ্ণ প্ৰায় হবা সাৱধান॥
গোবিন্দৰ পদ, আৰু গোবিন্দ পদ।
ই দুই জানিলে গুছে প্ৰসৱ বিপদ॥