পৃষ্ঠা:সূতিকা পটল.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
সূতিকা পটল।

শিশু কক্ষে লই যদি জননী শোৱয়।
স্তন মুখে লই শিশু আপুনি পিৱয়॥
মাতৃৰ শয্যাত শিশু থৈব ব্যবধানে।
স্তন ঢাকি জননী শুইব পাৰ্য্যমাণে॥
প্ৰথম অভ্যাসে শিশু কান্দিয়া উঠিব।
কান্দয় কান্দোক তবু স্তন্যক নেদিব *
অল্প কান্দিবেক মাত্ৰ দিন দুই চাৰি।
তাৰ পৰে নকান্দিব নপাইব সাৰি॥
অহৰ্নিশি বালকক স্তন দেই যাৱে।
জননী দুৰ্ব্বল ক্ষীণ শিৰঃপীড়া পাৱে॥
যদি জননীৰ শোক দুঃখ ক্ৰোধ হয়।
সিতো দুগ্ধ পানে বালকক নসৱয়॥
বিকৃতি পাৱয় দুগ্ধ ইতো তিনি গুণে।
উদৰৰ পীড়া বালকৰ হয় পুনে॥
সম্মুখৰ দুই দন্ত হৈলে বালকৰ।
দুগ্ধ পান সংখ্যা নূন্য কৰা শ্ৰেয়ঃতৰ॥
সি সময়ে অল্প সাগু দুগ্ধত সিজাই।
বালকক পান কৰাইব হানি নাই॥

⸻⸻

  • আমাৰ আচাৰমতে শিশুক বেছি পৰিমাণে মাকৰ পিয়াহ খুৱালে একো দোষ নাই বুলি ভাবে।

কিন্তু আচলতে তাৰে পৰা বহুত ৰোগ জন্মে। সেই বাবে মাকে সেই বিষয় সাৱধান হ’ব আরু এই পদকেই ফাঁকিত দিয়া উপদেশ অনুসৰি চলিবৰ চেষ্টা কৰিব।