পৃষ্ঠা:সূতিকা পটল.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সূতিকা পটল।

অগৰ্ভিণী কালে উদৰৰ যি আকৃতি।
সেই ৰূপ হৈয়া থাকে নহয় বিকৃতি॥
বস্ত্ৰে নবাঁধিলে চর্ম্ম উলমিয়া যাই।
উপমা বিচাৰি নেলেখিলোঁ লজ্জা পাই॥
আকে জানি বস্ত্ৰে গর্ভ বাঁধিব মেৰাই।
যদি বৃকোদৰী হুইবাৰ ইচ্ছা নাই॥
এই বন্ধনক দশ দিন নেমেলিবা।
শুইয়া থাকিব উঠি ফুৰিব নেদিবা॥

⸺⸺⸺

প্ৰসৱ অন্তত ৰক্ত নভাঙি-

বৰ উপায়।

বিনোদিনী বােলে দেশী আচৰণী দলে।
প্ৰসৱ অন্তত উঠি বসিবাক বলে॥
আৰো বুঝাইয়া বােলে উপদেশ দিয়া।
অবশিষ্ট ৰক্ত যাক নিঃশেষ হুইয়া॥
লক্ষ্মী বােলে সর্ব্বনাশ প্রাণৰ সংশয়।
মূৰ্চ্ছা হুয়া পড়য় আছয় তাত ভয়॥
সেই মুৰ্চ্ছ নভাঙি যাইবে পাৰে প্রাণ।
সি সবত কৰিয়া অহিত ইটি টান॥
নুবুঝি নাজানি বধে কৰে ছল-ছুতা।
বােলে ওঝা আনা, হৈল “বাঘিনী-প্রসূতা’’॥
লক্ষ্মীবোলে আৰু ভয় ৰক্ত ভাঙিবাক।
দিন দশমান নুবুলিব দিলোঁ হাক॥