পৃষ্ঠা:সূতিকা পটল.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সূতিকা পটল।

এক-দুই-তিনিবাৰ জল ছিটা দিব।
সজোৰে পড়িব জল কান্দিয়া উঠিব॥
তাতো যদি শিশু ৰৈল ক্ৰন্দন নকৰি।
শীতল জলক লব চড়িয়াত ভৰি॥
তাতে নিয়া বালকৰ গল পৰিমাণে।
বেগে জোবৰাই তুলি লব সাৱধানে॥
তাতে সচকিত হুয়া কান্দিয়া উঠিব।
নাকান্দিলে তপ্ত জলে বহুৱাই দিব॥
পুনঃ নিয়া শীতল জলত বহুৱাব।
বাৰেক বা দুইবাৰ এইৰূপে চাব॥
তপ্তজল দিব মাত্ৰ নামত তপত।
মাংস পিণ্ড বালকে সহিব পাৰে যত॥
ইত্যাদি কাৰণে শিশু কালে সবাকাৰ।
যত্নৰ উপৰে দৈব মহাবল তাৰ॥

⸻⸻

সূতিকাগৃহৰ আবশ্যকীয় বস্তু।

সি কথা থাকোক প্ৰসৱৰ সময়ত।
গৃহে ৰাখিবাহা যিবা বস্তু যত যত॥
তপ্ত হিমজল দুই পাত্ৰে ভিনে থোৱা।
তীক্ষ্নধাৰ কেঁচি এক জোড়া আনি লোৱা॥
কপাহি কাপৰ একখান থৈবা আনি।
পাতল নিৰ্ম্মল এক খণ্ড ফটাকানি॥


এটি পাত্ৰত তপত পানী, আন এটিত (ঠাণ্ডা) ছেঁছা পানী থব লাগে৷