পৃষ্ঠা:সূতিকা পটল.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


সি সময়ে বিস্তৰ শ্ৰমক নসহয়।
বহু পৰিশ্ৰমে গৰ্ভ নষ্টৰ সংশয়॥
প্ৰথমৰ তিনি মাসে ভয় অতিশয়।
এই তিনি মাসে বহু গৰ্ভ নষ্ট হয়॥
ইতো তিনি মাস সাৱধানৰ সময়।
পিছলিয়া যেন কোনোখানে নপড়য়॥
নীচ হৈতে উচ্চ, উচ্চ হৈতে নীচ ভাগে।
উঠা নামা পৰিশ্ৰম কৰিব নলাগে।৷
পদব্ৰজে কিংবা দোলা আদি ধানে চড়ি।
নাযাই দূৰক থাকিবেক ধৈৰ্য্য ধৰি॥
ইসব যুক্তিৰ বিপৰীতে চলা ভয়।
ইসবতে সেই গৰ্ভ নষ্টৰ সংশয়॥
বিনোদিনী বোলে লক্ষ্মী শুনা মোৰ কথা।
ছয়মাসী গৰ্ভনষ্ট দেখিলোহোঁ যথা॥
লক্ষ্মী বোলে কহিবাক নাহি প্ৰয়োজন।
সি বিষয় কহোঁ ময় তাত দিয়া মন৷।
তৃতীয় চতুৰ্থ পঞ্চ মাসৰ ভিতৰে।
তৃতীয় মাসক ধাইগণে * ভয় কৰে॥
চতুৰ্থ পঞ্চমে নষ্ট কদাচিত হয়।
ছয় মাস হৈলে গৰ্ভ নষ্ট নকহয়॥
ছয়মাসী সন্তান যতনে ৰক্ষা পায়।
মৰে শিশু যদ্যপি অযত্ন কৰে মায়।৷

  • ধাইগণে-ধাত্ৰী অৰ্থাৎ বি তিৰোতাই প্ৰসৱৰ ভাল বেয়া সকলো কথা জানে৷ সেইবোৰে আমাৰ দেশৰ ‘আশ্ৰেণী’।