সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সূতিকা পটল।

প্ৰসূতিৰ শুশ্ৰূষা।

বিনোদিনী প্ৰতি লক্ষ্মী কহিল বুঝাই।
প্ৰসূতি-শুশ্ৰূষা ময় শিক্ষা দিয়া নাই॥
সি বিষয় যি উচিত কহোঁ শুনাতাক।
নিদ্ৰা কৰাইব চেষ্টা লাগে কৰিবাক॥

⸻⸻⸻

প্ৰসৱান্তে নিদ্ৰা।

যদি ফুল পৰিল নাড়ীও কাটা ভৈল।
সৰ্ব্বৈব জঞ্জাল নথাকিল ভাঙি গৈল॥
ই সময়ে প্ৰসূতিৰ নিদ্ৰা যদি হয়।
প্ৰসৱৰ দুঃখ শৰীৰত নথাকয়॥
নিদ্ৰা কৰাবাৰ অন্য নলাগে উপায়।
প্ৰতি-গৃহৰ গুছাইয়া দিবা হাই॥

⸻⸻⸻

দ্বাৰৰ যত্ন।

আৰু এক খণ্ড মলহীন সূক্ষ্ম কানি।
চাৰি ঝাপ কৰি অগনিত সেঁকি আনি॥
প্ৰসৱৰ দুয়াৰক আবৰিয়া থৈব।
নুগুছয় মানে বিষ দিনকত* লৈব॥
শীতল হুইলে বস্ত্ৰ খণ্ড সেঁকি লৈব।
পুনৰপি সিতো দুৱাৰক ঢাকি থৈব॥
দাগ-ছেক লাগে যদি বস্ত্ৰ সলাইব।
সলাই সলাই সেঁকি সেঁকি লগাইব॥

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • দিনকত — দিনে-দিনে, নিতৌ।