পৃষ্ঠা:সূতিকা পটল.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


উদৰৰ যত্ন।

কোনো গৰ্ভিণীৰ চৰ্ম্ম কোমল কাৰণ।
উদৰ বাড়িয়া কৰে অধত গমন।৷
যদি মোহিনীৰ সেইৰূপ গৰ্ভ হয়।
বস্ত্ৰ যোগে গৰ্ভ যেন তুলিয়া বান্ধয়॥
কোনো কোমলাঙ্গীৰ উদৰ বৃদ্ধিকালে।
উদৰ উপৰি চৰ্ম্ম নথাকয় ভালে।৷
চীৰো চীৰো হই এক অসুখ হোৱয়।
নাৰিকেল তৈল মৰ্দ্দিলেসে ভাল হয়।৷
স্তনে ব্যথা হয় দুগ্ধ বৃদ্ধিৰ কাৰণ।
উষ্ণ তৈল মৰ্দ্দিলে হোৱয় নিবাৰণ॥
লক্ষ্মীয়ে বোলয় মোৰ কথিত নিয়ম।
আচৰণ নকৰিলে হইব বিষম॥

অগম্য স্থান।

আৰু দুটী কথা কঁও শুনা বিনোদিনী৷
সাৱধান ৰূপে যেন থাকয় মোহিনী॥
একাকিনী মোহিনী নযাব ভয় স্থানে*৷
ভয় স্থানে গৈলে ভয় অৱশ্য সন্তানে।৷
মোহিনী একলে ভয় স্থানে নযাইব।
কোনো স্থানে কোনো ৰূপে ভয়ক পাইব।৷
বিনোদিনী বোলে ভয় পাইলে কিহয়।
লক্ষ্মী বোলে জড় সন্তানক প্ৰসৱয়॥

  • ভয়স্থান-অৰ্থাৎ যি ঠাইলৈ গ'লে মনত ভয় ওপজে।