পৃষ্ঠা:সূতিকা পটল.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সূতিকা পটল।

প্ৰসৱৰ প্ৰথম অৱস্থা যত কাল।
প্ৰসূতিয়ে বল দিয়া যুক্তি নোহে ভাল॥
জৰায়ুৰ দ্বাৰ যদি শীঘ্ৰ নোহে মুক্ত।
কহোঁ তাক শুনা কিবা কৰা উপযুক্ত॥
হেনয় উপায় কৰিবাহা ভাবি চাই।
আত পৰে অন্য ঔষধৰ কাৰ্য্য নাই॥
যি ৰূপে প্ৰসূতি উকিয়াৱৈ বাৰংবাৰ।
কিন্তু বান্ত নহৈ যেন চেষ্টা কৰা তাৰ॥
কুবস্তুক নুুখুৱাই ছিন্ন কেশ আনি।
পুৰি ঘ্ৰাণ লোৱাবা “ও”-কৰা হেতু জানি॥
ইত্যাকাৰ নানা যত্নে উকি হৈল যাৰ।
জৰায়ুৰ দ্বাৰ মুক্ত হইব তাহাৰ *॥
প্ৰথম অৱস্থা কালে হোৱৈ তাতে ফল।
তদন্তৰে দিলে হোৱৈ প্ৰসূতি দুৰ্ব্বল॥
দ্বিতীয় তৃতীয় অৱস্থাত আক জানি।
ইতো কাৰ্য্য কৰি নকৰিব বল হানি॥
আৰো কোন পোৱাতীয়ে দৈব নিবন্ধনে।
প্ৰথম অৱস্থাৰম্ভে উকিয়াৱৈ ঘনে॥
ভয় নাই শীঘ্ৰ জৰায়ুৰ দ্বাৰ খুলে।
নিশ্চয় জানিবা ভয় নাহিক সমূলে॥
প্ৰথম অৱস্থা কালে আছে এক যত্ন।
অবলা দুৰ্ব্বলা গৰ্ভিণীৰ পক্ষে ৰত্ন॥

  • সোণকালে জৰায়ুৰ দ্বাৰ মুক্ত নহ’লে উকি অহাৰ উপায় কৰিব লাগে।

কিন্তু যাতে বমি নহয় সেই বিষয় চকু দিব। তাৰ বাবে আন বেয়া বস্তু নুখুৱাই চিঙা চুলি পুৰি তাৰ ধোঁৱাৰ গোন্ধ লব দিলেই হয়।