সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সূতিকা পটল।

গৃহত ধোঁৱা মন্দ।

ভাল কথা আৰু ভাল পড়িলেক মনে।
ধোঁৱা নকৰিয়া অগ্নি ৰাখিবা যতনে॥
ধুম গুণে বালকৰ চক্ষুঃ ৰোগ হয়।
কোমল চক্ষুত ধোঁৱা সমূলে নসয়॥
অঙ্গাৰত অগ্নি জালি চৰুত ভৰিয়া।
পােৱাতিৰ অনতিদূৰত থােৱা নিয়া॥
অগনিৰ গুণে কৰে বাতাস শোধন।
অগ্নি ৰাখিবাৰ পক্ষে কৰিবা যতন॥
আমি জনমাতো আমালোকৰ জননী।
যিবা কষ্ট সহিলে বুঝাহা মনে গুণি॥
অজ্ঞান আছিলোঁ হেতু মনত নৰৈল।
এবে বুঝি-শুনি কিয় জ্ঞান হীন ভৈল ॥
কিবা আশা ভৰসায়ে পালিলেক মােক।
পাহৰিলোঁ সমুলে কিঞ্চিত নাই শোক॥

নিন্দা।

আৰু দেখা কলিকালে পুৰুষ সকলে।
অন্যৰ কা কথা যাক বিদ্যাৱন্ত বলে॥
বৃদ্ধা জননীয়ে কল্যাণৰ হেতু চাই।
এটা টকা খুজিলে বোলয় নাই নাই॥
গৃহিণীয়ে সুবর্ণৰ নুপুৰ যদি চাৱে।
ঋণী হৈও দিয়ে আনি অবিলম্বে পাৱে॥