পৃষ্ঠা:সূতিকা পটল.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূতিকা পটল গাভী দুগ্ধ দিব মাতৃ দুগ্ধ অভাৱত। আনিবেক গাভী দুগ্ধ সদ্যো দোহনত। হেন দুগ্ধক আর মাত্র তপতাই। দিব বালকক তাত কিছু দোষ নাই । অধিক নেদিব শীঘ্নে শীঘ্ৰে নেদিকে। দকৈ বিলম্বে পুনঃ বিবেক বাৰে । বহু দিলে শীঘ্ৰে দিলে নহে পৰিপাক। ভালক চাহ পাছে মিলয় বিপাক ॥ আৰ বিপৰীত আচৰিলে ৰােগ হয়। ঔষধ নাজানি বৈদ্যে পিশাচ বােলর। ভূমিষ্ঠ বালক যদি শৌচ নকৰয়। সেই কাৰণত সেই ৰােগ উপজয় ॥ ঔষধ খুৱই শৌচ কৰাইবা তাক। কিৰূপে কি দিব পাচে বুলিবো তােমাক । নাড়ীচ্ছেদ কৰি খাবাৰ যত্ন নাই। তাতো ৰােগ হােৱে সেই উপলক্ষ পাই । পৰিস্কাৰ ৰাখিৰাহ। নাতি বােলা যাক। বেদনা নাশন অল্প সেকিবাহা তাক । শীঘ্র শুকাইলে “নাই” নাই কিছু ভয়। কৰিব। ইসৰ কাৰ্যা নকৰি সংশয়। নচলে বাস যদি পােৱতিৰ ধৰে। সিও দোষে বালক সেই ৰোগে ধৰে। এই ছয় প্রকাৰত সেই ৰোগ হয়। নাজানিয়া ও সবে ভূত বুলি কয়।