পৃষ্ঠা:সূতিকা পটল.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সূতিকা পটল।

বান্তহই নৰইব উদৰত তাৰ।
নতুবা বইব পেট * ইতো কথা সাৰ॥
আতো সেই ৰূপ লঘু আহাৰ সে সাৰ।
লঘু আহাৰত হব জিহ্বা পৰিষ্কাৰ॥
আৰু দেখিবেক যদি কোষ্ঠবদ্ধ নাই।
তেবেসে দিবেক পূৰ্ব্ব আহাৰ যােগাই॥
যদি কোষ্ঠবদ্ধ পূর্ব্বে আছিল তাহাৰ।
সম্প্রতি পূৰ্ব্বৰ তাক নিদিব আহাৰ॥
ভেৰেণ্ডাৰ তৈল সেই যোখায় খুৱাই।
শৌচ নােহােৱয় মানে থাকিবেক চাই॥
শৌচ নহইলে তৈল ঘষিবে উদৰে।
অবশ্য হইবে শৌচ তাৰ কিছু পৰে॥

⸺⸺

জিহ্বাত দইসৰা পৰা।

কি গুণত জিহ্বাত বান্ধয় দইসৰা।
ময় লেখি দেঁও তুমি আঙ্গুলিত ধৰা॥
অজীর্ণৰ গুণে এক, দ্বিতীয়ত জ্বৰে।
দুগ্ধ খাই জল নেখাইলে মল ধৰে॥
দিনে জিহ্বা নুচুছিলে দইসৰা পড়ে।
সিতে দোষে জিহ্বাৰ উপৰে ঘাও কৰে
শিশুৰ শৌচত দৃষ্টি ৰাখিব লাগয়।
তাতে শৰীৰস্থ পীড়া অনুভব হয়॥

⸻⸻⸺⸻⸺⸻⸻⸺⸻⸺⸻⸺⸺⸺⸻⸺⸻⸺⸺⸻⸻

  • বইব পেট — বা পেট ব’ব অৰ্থাৎ হাগনী হ’ব।