সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সূতিকা পটল।


জননীয়ে পূৰ্ব্ব দুঃখ স্মৰি কৰে ক্ৰোধ।
সি কই ফুৰয় “মোৰ জননী নিৰ্ব্বোধ”॥
তাৰ নিজ দোষে দুই পক্ষে হাই লাগে।
শাহু-ব’ৰী উভয়ৰ কলহ নভাগে॥
বিছানাত গৃহিণী মাতৃৰ খল কয়।
পুৱা গালি খাই বুড়ী পৰাজিতা হয়॥
কান্দি কাটি লঘনে থাকয় শোক কৰি।
পুত্ৰে বোলে বুড়ী কিয় আছয় নমৰি॥
গৃহিণীয়ে বোলে বহু নিষ্ঠুৰ বচন।
কান্দি কান্দি কৱে বুড়ী কোনে দিয়ে মন॥
ভেকাহি মাৰিয়া বোলে তয় জানো ভাল।
ধন্য ধন্য ধন্যৰে কি ধন্য কলিকাল॥
শ্ৰীগোবিন্দে বোলে গৃহিণীৰো সেই গতি।
ব’ৰী নহোৱয় মানে আছয় সংপ্ৰতি॥
বৌড়ী হলে শাহুক দেখিব তৃণসমা।
যিবা মনোদুঃখ পাব নহয় উপমা॥
এতেকতে দ্বন্দ্ব-হাই এড়ি কৰা কৰ্ম্ম।
ব’ৰী-বেটী সবে মনে মনে চিন্তা ধৰ্ম্ম॥