পৃষ্ঠা:সূতিকা পটল.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


হৈলে নীতিহীন, দুই চাৰি দিন,
 আগে পাছে প্ৰসৱয়॥
বিনোদিনী শুনি,  বোলে মনে গুণি,
 আছে দিন কিছু মান।
প্ৰসৱৰ ঘৰ,  বান্ধোঁ শীঘ্ৰতৰ
 আছয় কিবা বিধান॥

সূতিকা গৃহ।

লক্ষ্মী বোলে ঘৰ,  মুক্ত স্থানে কৰ,
 দুৰ্গন্ধ কাষে নথাকে।
পৰিষ্কাৰ স্থান,  ভিটি পৰিমাণ,
 ময় বোলোঁ শুনা তাকে॥
দৈৰ্ঘ্যে বাৰ হস্ত,  ছয় হাত প্ৰস্থ,
 উচ্চত হাত আড়াই৷
শুকান ভিটিত,  হোৱে বহু হিত,
 ভিজাত সকাম নাই॥
বেড়িবা চৌফালে,  মুছিবাহা ভালে,
 ৰাখিবা খিৰকী তাতে।
বেড়াতে মুঁ ধাৰ,  খিৰকীৰ দ্বাৰ,
 কাটা সম সূত্ৰপাতে★॥

★ অৰ্থাৎ মুধাৰ বেড়াত খিড়কি এনেকৈ কাটিবা যেন খিড়কীৰ ঠিক মুখামুখিকৈ আৰু এখন খিড়কি বা দুৱাৰ থাকে।