সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিশু পালন।

⸻⸻

ভূমিষ্ঠ সন্তানৰ ৰেচক।

লক্ষ্মী বোলে অল্প কিছু এড়ণ্ডৰ তৈল *
বালকক খুৱাইবে প্ৰয়োজন ভৈল॥
বিনোদিনী বোলে হৰি হৰি সৰ্ব্বনাশ।
সদ্যোজাত শিশু, তাক খুৱাইবে চাস॥
লক্ষ্মী বোলে পূৰ্ব্ব কথা হৈল বিস্মৰণ।
দুঃখিনী হইলোঁ তোৰ দেখি হেন মন॥
নিৰ্ব্বোধে কৰয় ভয় কৰিবে পাৰয়।
দ্ৰব্য-গুণ জানি তোৰ কিহেতু সংশয়॥
বিষ নোহে খাইলে শিশুৰ প্ৰাণ যাব।
কুড়ি টোপা তৈল মধু সমন্বিতে খাব॥
অঙ্গুলি লগাই মুখে দিবা প্ৰবেশাই।
চুষিয়া খাইব তাক শিশু মিষ্ট পাই॥
আমি খাঁও নমৰো শিশুৰ কিবা হানি।
পৰিহৰি ভয়ক, খুৱাই দিয়া আনি॥

⸻⸻

মৰ্কুচিয়া।

ভূমিষ্ঠ বালক যদি শৌচ নকৰয়।
কুলক্ষণ ঘটে দেখি “মৰ্কুচিয়া’’ কয়॥

⸻⸺

এড়ণ্ডৰ তৈল—“ক্যাষ্টেৰ অইল’’ বা এড়াৰ গুটিৰ তৈল