পৃষ্ঠা:সূতিকা পটল.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সূতিকা পটল৷

ডাঠ কাপৰ লব নেদিবা ; শীতল পানী খাব দিব, সেই গৃহত এক জনত অধিক লােক থাকিব নেদিবা।

 আফিমৰ আৰক ১০ টোপা ২॥ তােলা শীতল পানীত মিশলাই খুৱাব, পেটৰ বিষ নুগুছে মানে মাজে মাজে বহু বিলম্বে অল্প অল্প খুৱাব, অধিক নুখুৱাব, আফিম এক প্ৰকাৰ বিষ, অধিক খালে মানুহ মৰে। ইয়াতেই গর্ভ ৰক্ষা হব, কিন্তু ৭ দিন উঠিব নেদিবা।

⸻⸻

মৃত বৎসা।

 তাতো এক বৎসৰ স্বামী সহবাস ত্যাগ কৰিব সেই কালতে সেই দোষ নির্দোষ হব। তদন্তে গর্ভাধান হলে সেই গৰ্ভৰ সন্তান নমৰে নিশ্চয় ৰক্ষা পৰে।

⸺⸺

ভেদালীৰ কামৰ।

 স্ত্রীৰ এইটো কামৰ হােৱা মন্দ নহয়। তাৰে গতিকে ৰক্ত ভাঙা ৰােগ নহয় জৰায়ুত যি অবশিষ্ট ৰক্ত থাকে সি ও নির্গত হৈ যাই । পৰিষ্কাৰ হয় সন্তান হবৰ ১ দণ্ডমান পিছতে পেটত বিষ হয় সেই বিষ এক দিন দেড় দিন থাকি আপুনিই গুছে । যদি নুগুছে অসহ্য হয় গুছাব খোজা তেন্তে ১০ টোপা আফিমৰ আৰক ৫ তােলা টেকী * পানীত মিহলাই খুৱাই দিবা। জুইত পানী দিয়াৰ ন্যায় বেদনা শীঘ্ৰ নিৰ্ব্বাণ হব।

সমাপ্ত।

  • টেকী— ঠাণ্ডা, শীতল৷