পৃষ্ঠা:সূতিকা পটল.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
সূতিকা পটল।

ফুল পড়িবাৰ ঔষধ।

 সন্তান জন্মৰ এক দণ্ডমান বিলম্বতো যদি ফুল নপড়ে, বিষও নধৰে, তেন্তে সেই ঔষধ অর্থাৎ ৰাইৰ গুড়া ১০ বা ১৫ ৰতি কেঁচা পানী ৫ তােলাত গুলি খুৱালে ফুল পড়িব। এক বেলি খুৱালে যদি ফুল নপড়ে, ২ দণ্ডবাদে আকৌ খুৱাব। পেটত হাতেদি ঈষৎ হেঁচা দি ধৰি থাকিব, বিষ হই ফুল পড়িব। ফুল পড়িলে পেটত কাপড় মেৰাই থব, ৰক্ত নভাঙে উদৰ ও পূৰ্ব্ববৎ হব।

⸻⸻

সন্তান হবৰ বাধক

ৰোগৰ ঔষধ।

 ঋতুৰ সময়ত তল পেট বিষায়, হানা খােচা কৰে, ৰক্ত অল্প ভাঙে৷ সন্তান হই গােলেও কাৰো কাৰো সেই ৰূপ হয়, ইয়াৰ ঔষধ।

 অহিফেণ অর্থাৎ আফিঙৰ আৰক ১০ বা ১৫ টোপা শীতল পানী ২ তোলা সহিতে ঋতু অবস্থাত এক দিন বাদে এক দিন খুৱাব। এইৰূপে ৪। ৫ বেলি ঋতু সময়ত খুৱাব, ব্যথা যাব, সন্তান হব।

 দ্বিতীয়। ৪ ৰত্তিকা পৰিমিত কৰ্পূৰ অল্প আটা গুড়ী সহিতে বড়ী পকাই সেই বেদনা নুগুছে মানে সেইৰূপে বড়ী কৰি মাজে মাজে খুৱাই থাকিব। ব্যথা গুছিব, সন্তান হব। ঋতু হবাৰ ৪৷ ৫ দিন পূৰ্ব্বৰ পৰা দুই দুই ঘাগৰী তপত পানী গাসোয়া তপতে তপতে কঁকালৰ চাৰিও মেৰে ঘটীত ভৰি ভৰি ঢালিব, পুৱা গােধূলা।