সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সূতিকা পটল৷


বিনোদিনী সম্মত হইয়া মৌনী ভৈলা৷
লক্ষ্মীয়ে বুঝাই তাক কহিবাক লৈলা॥
লক্ষ্মী বোলে জানা নাকি হেৰা বিনোদিনী।
দুগ্ধপোষ্য বালকৰ ৰোগৰ কাহিনী॥
ভয়ানক ৰোগ যাক “পেচুয়া” বোলয়।
সদ্যোজাত বালকৰ কি হেতু হোৱয়॥
বিনোদিনী বোলে জানোঁ ৰাম ৰাম ৰাম।
ঘৰত গৰ্ভিণী আছে নলইবা নাম॥
মোহিনী আছয় বুলি আগ পাছ চাই।
বিনোদিনী লক্ষ্মীৰ কৰ্ণত কৈল যাই॥
সিতো ৰোগ নহে সিতো ভৌতিক ব্যাপাৰ।
কোনে পাৱে তাৰ তত্ত্ব মহিমা অপাৰ॥
যাক বোলে মাতৃহা দুৰন্ত “মৰ্কু চিয়া”।
নামক শুনিলে থৰথৰে কম্পে হিয়া॥
যাৰ বংশে লাগিল সি কালৰূপী ভূত!
নিৰ্ব্বংশ হইল তাৰ নথাকিল সুত॥
হাস্য আস্যে লক্ষ্মী বোলে কিনু হাস্যাস্পদ।
ঈশ্বৰৰ কাৰ্য্য়ে ভূতে ঘটায়ে বিপদ॥
পঞ্চ ভূতে ভিন্ন ভূত বোলা কোন লাজে।
অজ্ঞানে বোলয় তাক বুলিবাক সাজে॥
মাতৃৰ অযত্নে সন্তানৰ হয় হানি।
পণ্ডিতে “মাতৃহা” নাম থৈল অৰ্থ জানি॥