গ্রন্থকাৰ আৰু প্ৰকাশিকা।
৺গোবিন্দৰাম চৌধুৰী এই পুথিৰ লেখক। এওঁ কামৰূপ-বড়পেটা অঞ্চলৰ মানুহ; আৰু এওঁৰ পূৰ্ব্বাপৰ বংশ সেই অঞ্চলত বৰ খ্যাতিপন্ন। এওঁলোক বিজয়সিংহ নামে এজন ৰাজপুত সৰ্দ্দাৰৰ বংশধৰ। বুঢ়া চৌধুৰী ডাঙৰীয়াৰ সুযোগ্য পুত্র স্বর্গীয় ৺শ্যামলাল চৌধুৰী পঁলাশবাড়ীৰ “চৱ ডিপুট কলেক্টৰ” (Sub deputy collector) আছিল। ১৩১৫ চনৰ আহিনত তেওঁৰ পৰলোক হৈছে ।
বুঢ়া চৌধুৰী ঢুকাবৰ বৰ বেছিদিন নহলেও, তেওঁ প্রাচীন মানুহ আছিল; তেওঁৰ জ্যেষ্ঠ পুত্র ৺শ্যামলাল চৌধুৰীয়ে আজি কালিৰ দিনত প্রাচীন। আমি যিমান দূৰ জানো তেওঁৰ কোনো ইংৰাজী শিক্ষা হোৱা নাছিল; সংক্ষেপতে আমাৰ প্রাচীন ভদ্রলোকসকলে যি অৱস্থাত আৰু যি সুবিধাত শিক্ষা পাইছিল, তাত বাদে বুঢ়া চৌধুৰীয়ো একো সুবিধা পোৱা নাছিল। তথাপি তেওঁৰ মতবোৰৰ নব্যতা আৰু যৌক্তিকতা দেখি আচৰিত হ’ব লাগে। কোনো ফালে তেওঁৰ চকু নোযোৱা নাছিল; আৰু কোনো ফালৰ ৰায়ে তেওঁৰ চকুৱে ভাল খিনি ন’নাকৈ ফিৰি অহা নাছিল। মিছা বুলি কৈয়ো চৌধুৰী ডাঙৰীয়াই কৈছে—
ভূত মিছা হোক ভূতে আছে বহু গুণ।
নকৈছোঁ পূৰ্ব্বত বহু দুৰ্গুণে সুগুণ॥ (১৩ পৃষ্ঠা)
আচলতে প্রাচীনতাৰ সংস্কাৰৰ পৰা যি এনেকৈ ভাল চেকি উলিয়াব পাৰে তেৱেঁহে আচল শিক্ষিত। তেওঁ জানিছিল যে