পৃষ্ঠা:সূতিকা পটল.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূতিক পটল। ৪৯ ফুল নপঢ়িব কিবা ভয়, ভয়মাৰ তাত নাহিকয়, অকাৰণে কিয় টানিয়া আনয় তাক। প্ৰসৱৰ দগুমান পৰে, যিবেলি বেদনা পুনঃ ধৰে, আপনি পড়িব চিন্তাহীন হই থাক। যদিবা দকৈ হৈয়া গেল, নপৰি ফুল গর্ভে, ৰৈল, নাড়ীত ধৰিয়া টানা লস লাস কৰি। উদৰত বিষ নাই যেবে, নাভীধৰি নাটানিব তে, টানিবে লগিয় আসে যেবে বিষ ধৰি। এই ৰূপে দুই চাৰি বাৰ, টানিলাত ফুল পড়ে সাৰ, যদি বিষ মাসে নটানিব নটানিব । উদৰক হাতে পিষিবেক, বিষ ধৰি ফুল পড়িবে, ভালৰূপে হাত ঘষি পিষি মাত্র দিব। দেখা যদি সিদ্ধি নাই তাত, নাযিকেল তৈলে ঘধি হাত, উদৰ ভিতৰে অতি সাৱধানে নিয়া। ধূলত ধৰিয়া মৃদুবলে, ঘুৰাইয়া পাকদিয়া চা, বাহিৰে আনিব। ধীৰে ধীৰে টানদিয়া । ফুল টানাৰ সময়ত, পােবাতি জনীৰ উপৰত, হাত দিয়া হেচি ধৰা সমুচিত হয়। তাত হোৱে এই মহা গুণ, কহে ময় ইতো পুনঃ পুন, ফুল মাত্র আসে ৰক্ত মাত্র পড়ার পাকদিয়া ফুল আনিলাত, নথাকয় আৰ কিছুতা, প্রতিক নধৰয় শতিকাৰ কৰে। প্রসূতিৰ যদি তৈল বৰ, বালকৰ ভৈল অন্তৰ, আকে জানি জ্ঞানী ধাই সবে আকে কৰে।