পৃষ্ঠা:সূতিকা পটল.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।


সাত আঠ মাসত স্বচ্ছন্দে ৰক্ষা হয়।
তদৰ্থে নাহিক জানা তিলাৰ্দ্ধ সংশয়॥
ভৈলেক অধিক বেলা যোৱা নিজালয়।
মাতিবা আমাক যদি আৱশ্যক হয়।৷
সাৱধান সাৱধান থাকা সাৱধান।
মাভয়ী মাভয়ী বুলি কৰিও প্ৰস্থান।৷
নিজ গৃহে গৈলা লক্ষ্মীৰূপা লক্ষ্মীসতী।
ৰচিল গোবিন্দৰাম ভাবি লক্ষ্মীপতি।

প্ৰসৱৰ কাল নিৰূপণ।

কহে বিনোদিনী,  হে লক্ষ্মী ৰঙ্গিনী,
 মোহিনী আছয় ভাল।
কৰা সুবিধান,  সুশঙ্কিত প্ৰাণ,
 প্ৰসৱৰ তৈল কাল॥
সতী লক্ষ্মী কৈল,  নয় মাস ভৈল,
 আৰো ভৈল দশ দিন।
মনে নমানয়,  নকৰা সংশয়,
 কিয় হোৱা বুদ্ধিহীন॥
শেষ ঋতুদিন,  দ্বিতীয় আশ্বিন,
 যদি জানা সাৰ কৰা।
দ্বিতীয় আষাঢ়,  নয় মাস তাৰ,
 আৰু দিন দশ ধৰা॥
এই সংখ্যাসাৰ,  ন্যুনাধিক আৰ,
 প্ৰায়ন্ত্ৰীৰ নোহোৱয়।