পৃষ্ঠা:সূতিকা পটল.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সূতিকা পটল।

যদ্যাপি বালক দেখা নিৰ্জীবৰ প্ৰায়।
কঁও কি কৰিলে সিতো শিশু ৰক্ষা পায়॥
নাড়ীচ্ছেদ কৰি তাৰ ৰক্ত টোপা চাৰি।
খুৱাইব সিতো ৰক্ত বহু উপকাৰী॥
তেজস্বী হইব শিশু হৈব পুষ্টকায়।
পৰীক্ষা প্ৰমাণ কাৰ্য্য কৰিবা ত্বৰায়॥

মায়া-মোহ।

গৰ্ভ-বাস যন্ত্ৰণাক হই বিস্মৰণ।
মদে মত্ত হই বিষয়ত দিলোঁ মন॥
কাম ক্ৰোধ লোভ মোহ হইল প্ৰবল।
ধৰ্ম্ম চিন্তিবাৰ চিন্তা কৰিল বিফল॥
সিত গৈল গৈল, ভৈল যি ভৈল সি ভৈল৷
অসাৰ সংসাৰে আশা পূৰ্ণ নাহি হৈল॥
আকে জানি দেশৰ সাধন কৰা হিত।
নকৰিবা ইতো যুগুতিৰ বিপৰীত॥
গোবিন্দ-পদাৰবিন্দ-মকৰন্দ-আশে।
গোবিন্দ মধুৰ সুমধুৰ ভাষা ভাষে॥
পৰ উপকাৰ হেতু কৰিলোঁ ই পদ।
পৰকালে পাওঁ যেন পৰাৎপৰ পদ॥